M.K. Dutta
11/05/25Mozilla18:35
মোৰ ব্ল'গমোৰ বিষয়ে
গল্পকবিতা
ভালপোৱা

নৈ খনৰ সিপাৰে তাইৰ ঘৰ
এপাহ শুকান খৰিকাজাই
তাইৰ বুকুৰ পৰা মোৰ বুকলৈ
এপৰ ।
সেই যে ৰঙা কলিজা খন
তাইৰ নেদেখা কলিজা খন...
বিচাৰি
পাৰ হয় মোৰ সময় !
সময় !
সেই সময় ।
কহুঁৱা ডৰা ফুলেহে ফুলে
তাই মৰমবোৰ মোৰ বুকুত
শেৱালি হৈ নসৰে ।
নৈৰ বালিত তাইৰ খোজত খোজ থওঁ...
বালি মাঁহী জনে উৰে
মোৰ চকুৰে নমনালৈকে ।
বালিচন্দাত ভালপোৱা জিলিকে ।


সন্ধ্যাৰাগ

সপোন দেখাৰ বয়সত
সপোন ভাঙে !
ধুসৰ পথত দুখৰ বৰষুণ সৰে ।

কেতিয়াবা কিয় জানো
আন্ধাৰোকো আপোন যেনেই লাগে
ৰঙা বেলি লহিয়ালেই
দুচকুত আশাই তিৰবিৰ কৰে ।

Polaroid